Tuesday, August 21, 2018

তুমি, অসমৰ জীয়ৰী



" তুমি, অসমৰ জীয়ৰী "

                                   ✍ কংকন দাস

হে, অসমৰ নাৰী
তুমি মহিমাময়ী,
তুমি সুন্দৰী, তুমি কৰ্তব্যপৰায়ণ
তোমাৰ জ্যোতিয়ে উজ্বলাই তুলিছে
অসমৰ স্বাভিমান . . .

তুমি বিশ্বৰ দৰৱাৰত
জিলিকি উঠা
এটি ভোটাতৰা . . .

ৰুপে - গুণে শুৱনি
অসমৰ জীয়ৰী
তুমি বিশ্বৰ তাৰকা |

তুমি কাৰোবাৰ জীয়ৰী,
কাৰোবাৰ বোৱাৰী,
কাৰোবাৰ মাতৃ,
তোমাৰ পৰিচয় অনেক
সঁচাকৈয়ে তুমি ত্যাগৰ দেৱী |

তুমি সুন্দৰী,
তুমি সপোঁন বিজয়ী হোৱা
তোমাৰ কৰ্তব্যৰে,
তুমিওঁ জিলিকিবা এদিন
বিশ্বৰ দৰৱাৰত |

অভিস্কা কাশ্যপ,
সকলোকে দেখুৱাইছে
বিশ্বৰ ইটোৰ পৰা সিটো প্ৰান্ত |

হিমা দাস,
উজ্বলাই তুলিছে
বিশ্বৰ দৰৱাৰত
আমাৰ আই অসমীক |

এইবোৰেইটো উদাহৰণ
তোমালোক যে
পুৰুষতকৈওঁ কোনো গুণে কম নহয় |

জিলিকি ৰোৱা তুমি
বিশ্বৰ দৰৱাৰত,
জনাইছো অভিনন্দন
তোমাক আৰু তোমাৰ কৰ্তব্যক |

3 comments: