Friday, July 27, 2018

স্মৃতিৰ টোপোলা



" স্মৃতিৰ টোপোলা "
                                                          ✍ কংকন দাস

মনত আছে জানো তোমাৰ ?
Class Five -ত যে
ক্লাছৰুমত ডেস্কত হাঁত থৈ
দুয়োটাই দুয়োটাৰ ফালে চোৱা  মুহুৰ্তবোৰ ...
চকুত চকু পৰাৰ লগে লগে
মুখখনি লাজতে ঘূৰাই দিয়া
সেই মুহুৰ্তবোৰ ...


মনত আছে জানো তোমাৰ ?
বিদ্যালয়ৰ Half Time-ত
চন্দনৰ দোকানৰ পৰা তুমি
কিনি অনা মিক্সাৰ খাবলৈ যে
মাতিছিলা খেলপথাৰৰ কাষত
থকা ৰুমদুটিৰ মাজত
আৰু মই যে লাজতে
একোৱে নকয় পলাই - পত্ৰং দিছিলো ...


মনত আছে জানো তোমাৰ ?
জিৰণি সময়ত যে
ৰুহিত , সমৰ আৰু বগীয়ে
তোমাক আৰু মোক জুকাইছিলে...
আৰু আমি যে দৌৰাই দৌৰাই
সিহঁতক থমকি দিছিলো
আৰু নোজোকাবি বুলি ,

মনত আছে জানো তোমাৰ ?
তোমালোকৰ ঘৰৰফালে মই
ফুৰিব গ'লে যে তুমি
তোমালোকৰ ঘৰৰ ভিতৰৰ
পৰা পৰ্দাখনৰ ফাঁকেৰে মোক
জুমি জুমি চাইছিলা
আৰু চকুত চকু পৰোতে যে
দুষ্টালি হাঁহি এটি মাৰি
পুনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলা...

মনত আছে জানো তোমাৰ ?
Claas Six -ত অংকৰ ছাৰে
অংক কৰিব দিওঁতে যে
মই কলম বিচাঁৰি হাৱাথুৰি খাইছিলো সকলোৰে তাত বিচাঁৰি
আৰু তুমি যে মোক প্ৰথমবাৰৰ
বাবে মাতষাৰি দি মোক
কলমটি দিছিলা আৰু আমি
দুয়োটাই যে মনে মনে চাই
মিচিকিয়াই হাঁহি আছিলো |


এই সকলোবোৰে যেন আজি
মোক তোমালৈ বৰকৈ ৰিঙিয়াইছে...
তুমিটো এতিয়া অইন কাৰোবাৰ
অৰ্ধাংগিনী....


তোমাৰ সুখতেই মইওঁ সুখী
তুমি মোক দি যোৱা
মধুৰ স্মৃতিৰ টোপোলাটি
বুকুত বান্ধি লৈ |||

No comments:

Post a Comment