Thursday, July 26, 2018

সোণৰ অসম



        " সোণৰ  অসম   "

এয়াই আমাৰ সোণৰ অসম
য'ত ৰেপিষ্ট সকলে
নিৰ্ভয়ে কৰি যায় ৰেপ্
নাই কোনো উচিত শাস্তি |

এয়াই আমাৰ সোণৰ অসম
য'ত ভাল মানুহৰ স্হান
সমাজত নহয়
আইনৰ ৰঙাঘৰতহে |

এয়াই আমাৰ সোণৰ অসম
য'ত অসমীয়াকে
নিৰ্বিচাৰভাৱে অপৰাধী কৰি
মৃত্যুদণ্ড দিয়ে |

এয়াই আমাৰ সোণৰ অসম
য'ত অসমীয়াৰ
নাই কোনো একতা
এয়াই নেকি আমাৰ সোণৰ অসম ?

একতাই পৰম অস্ত্ৰ
আহা সকলোৱে মিলিজুলি
ৰচোঁহি আমাৰ সোণৰ অসমখনি ||



                          🖋 কংকন দাস 

1 comment: