Thursday, June 16, 2022

প্ৰিয়া

 











"প্ৰিয়া"


মন যায় জানা , 

তোমাৰ কাজলসনা দুটি নয়নৰে সৈতে 

কথা পাতিবলৈ, 

বিলীন হৈ যাবলৈ দিয়ানা, 

তোমাৰ কাজলিত দুটি নয়নৰ, 

মিঠা চাৱনিৰ সতে । 


তোমাৰ কিচকিচীয়া চুলিৰ 

সুগন্ধটিয়ে যে 

মোক বৰকৈ আমনি কৰিছে , 


গুলপীয়া ওঁঠযোৰিৰ মিঠা মিঠা 

হাঁহিটিয়ে যে 

উৎফুল্লিত কৰি তুলিছে 

মোৰ মন । 


বিলীন হৱ খোজো 

তোমাৰ প্ৰেমৰ নিলীম সাগৰখনিত । 


সুন্দৰ অন্তৰৰ সুন্দৰী যুৱতী তুমি 

Beauty With Brain 

বুলিব পাৰি, 

যাৰ নামেই হৈছে প্ৰিয়া, 

এটি মিঠা নাম । 


উফ্ অপেক্ষা মাথোঁ

এটি মধু লগনৰ ।।

Tuesday, August 21, 2018

তুমি, অসমৰ জীয়ৰী



" তুমি, অসমৰ জীয়ৰী "

                                   ✍ কংকন দাস

হে, অসমৰ নাৰী
তুমি মহিমাময়ী,
তুমি সুন্দৰী, তুমি কৰ্তব্যপৰায়ণ
তোমাৰ জ্যোতিয়ে উজ্বলাই তুলিছে
অসমৰ স্বাভিমান . . .

তুমি বিশ্বৰ দৰৱাৰত
জিলিকি উঠা
এটি ভোটাতৰা . . .

ৰুপে - গুণে শুৱনি
অসমৰ জীয়ৰী
তুমি বিশ্বৰ তাৰকা |

তুমি কাৰোবাৰ জীয়ৰী,
কাৰোবাৰ বোৱাৰী,
কাৰোবাৰ মাতৃ,
তোমাৰ পৰিচয় অনেক
সঁচাকৈয়ে তুমি ত্যাগৰ দেৱী |

তুমি সুন্দৰী,
তুমি সপোঁন বিজয়ী হোৱা
তোমাৰ কৰ্তব্যৰে,
তুমিওঁ জিলিকিবা এদিন
বিশ্বৰ দৰৱাৰত |

অভিস্কা কাশ্যপ,
সকলোকে দেখুৱাইছে
বিশ্বৰ ইটোৰ পৰা সিটো প্ৰান্ত |

হিমা দাস,
উজ্বলাই তুলিছে
বিশ্বৰ দৰৱাৰত
আমাৰ আই অসমীক |

এইবোৰেইটো উদাহৰণ
তোমালোক যে
পুৰুষতকৈওঁ কোনো গুণে কম নহয় |

জিলিকি ৰোৱা তুমি
বিশ্বৰ দৰৱাৰত,
জনাইছো অভিনন্দন
তোমাক আৰু তোমাৰ কৰ্তব্যক |

Friday, July 27, 2018

স্মৃতিৰ টোপোলা



" স্মৃতিৰ টোপোলা "
                                                          ✍ কংকন দাস

মনত আছে জানো তোমাৰ ?
Class Five -ত যে
ক্লাছৰুমত ডেস্কত হাঁত থৈ
দুয়োটাই দুয়োটাৰ ফালে চোৱা  মুহুৰ্তবোৰ ...
চকুত চকু পৰাৰ লগে লগে
মুখখনি লাজতে ঘূৰাই দিয়া
সেই মুহুৰ্তবোৰ ...


মনত আছে জানো তোমাৰ ?
বিদ্যালয়ৰ Half Time-ত
চন্দনৰ দোকানৰ পৰা তুমি
কিনি অনা মিক্সাৰ খাবলৈ যে
মাতিছিলা খেলপথাৰৰ কাষত
থকা ৰুমদুটিৰ মাজত
আৰু মই যে লাজতে
একোৱে নকয় পলাই - পত্ৰং দিছিলো ...


মনত আছে জানো তোমাৰ ?
জিৰণি সময়ত যে
ৰুহিত , সমৰ আৰু বগীয়ে
তোমাক আৰু মোক জুকাইছিলে...
আৰু আমি যে দৌৰাই দৌৰাই
সিহঁতক থমকি দিছিলো
আৰু নোজোকাবি বুলি ,

মনত আছে জানো তোমাৰ ?
তোমালোকৰ ঘৰৰফালে মই
ফুৰিব গ'লে যে তুমি
তোমালোকৰ ঘৰৰ ভিতৰৰ
পৰা পৰ্দাখনৰ ফাঁকেৰে মোক
জুমি জুমি চাইছিলা
আৰু চকুত চকু পৰোতে যে
দুষ্টালি হাঁহি এটি মাৰি
পুনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলা...

মনত আছে জানো তোমাৰ ?
Claas Six -ত অংকৰ ছাৰে
অংক কৰিব দিওঁতে যে
মই কলম বিচাঁৰি হাৱাথুৰি খাইছিলো সকলোৰে তাত বিচাঁৰি
আৰু তুমি যে মোক প্ৰথমবাৰৰ
বাবে মাতষাৰি দি মোক
কলমটি দিছিলা আৰু আমি
দুয়োটাই যে মনে মনে চাই
মিচিকিয়াই হাঁহি আছিলো |


এই সকলোবোৰে যেন আজি
মোক তোমালৈ বৰকৈ ৰিঙিয়াইছে...
তুমিটো এতিয়া অইন কাৰোবাৰ
অৰ্ধাংগিনী....


তোমাৰ সুখতেই মইওঁ সুখী
তুমি মোক দি যোৱা
মধুৰ স্মৃতিৰ টোপোলাটি
বুকুত বান্ধি লৈ |||

Thursday, July 26, 2018

সোণৰ অসম



        " সোণৰ  অসম   "

এয়াই আমাৰ সোণৰ অসম
য'ত ৰেপিষ্ট সকলে
নিৰ্ভয়ে কৰি যায় ৰেপ্
নাই কোনো উচিত শাস্তি |

এয়াই আমাৰ সোণৰ অসম
য'ত ভাল মানুহৰ স্হান
সমাজত নহয়
আইনৰ ৰঙাঘৰতহে |

এয়াই আমাৰ সোণৰ অসম
য'ত অসমীয়াকে
নিৰ্বিচাৰভাৱে অপৰাধী কৰি
মৃত্যুদণ্ড দিয়ে |

এয়াই আমাৰ সোণৰ অসম
য'ত অসমীয়াৰ
নাই কোনো একতা
এয়াই নেকি আমাৰ সোণৰ অসম ?

একতাই পৰম অস্ত্ৰ
আহা সকলোৱে মিলিজুলি
ৰচোঁহি আমাৰ সোণৰ অসমখনি ||



                          🖋 কংকন দাস 

Wednesday, July 25, 2018

প্ৰেমৰ স্বাৰ্থ





প্ৰেমৰ স্বাৰ্থ     

  সপোন দেখিবলৈ
 বহুত সহজ
কিন্তু ইয়াক দিঠকত
পৰিণত কৰিবলৈ
 বহুতেই কঠিন
তুমিয়েই শিকাইছিলাহি
মোক সপোন দেখিৱলৈ
 কিন্তু তুমিয়েই ভাগি দিলাহি
 মোৰ সপোন ।
আচলতে ইয়াৰ মাজত
লুকাই আছিল কি ?
প্ৰকৃত প্ৰেম
নে অন্য কিবা স্বাৰ্থ   ?

                                                                                         ✏ কংকন দাস